Songtexte.com Drucklogo

Juwa Rati Ako Songtext
von Papon

Juwa Rati Ako Songtext

যোৱা ৰাতি আকৌ যে
কথা বোৰ মনতে থ′লো সাঁচি,
দিব ল'গা মৰম বোৰ
কিমান যে
আৰু নো ৰাখিম সাঁচি?
জানো কেতিয়া ক′ব পৰা
শব্দ বিচাৰি পাম!
প্ৰেমৰ ভাষা...
জানো যে কেনেকে দিম যাঁচি?


ক্ষণ বোৰ আহিছিল তোৰ কাষলে,
দিন বোৰ কিয় আহিছিল যাবলে?
কথা বোৰ ক'বলে যায় থাকি.
অকলে অকলে মনে যে পায় বুজি
সপোন বোৰ চুলে যদি যায় ভাঙি
মনৰ ছবি বোৰ
মনতে যে থওঁ আঁকি...
জানিও যেন যাওঁ
ক'ব পাহৰি
চুবলে খুজিও, যায় আঁতৰি
হেৰালোঁ নিজকে মই
তোমাক বিচাৰি...
যোৱা ৰাতি আকৌ যে
কথা বোৰ মনতে থ′লো সাঁচি,

দিব ল′গা মৰম বোৰ
কিমান যে আৰুনো ৰাখিম সাঁচি?

কত ৰাতিৰ যে তৰালি চিনাকি
কত নিশাৰ জোনাক আৱৰি.
কত গান
গালো মই তোক সুঁৱৰি
কিয় নাহিল
বিচৰা সুৰ উভতি?
দুৰ দুৰণিৰ বতাহে কৈ যায়,
যেন এজাক চৰায়ে সোঁৱৰায় যায়
মোৰ কথা বুজিব কিয়নো শব্দ লাগে?
নুবুজে তাই
বুজে সকলোৱে...


যোৱা ৰাতি আকৌ যে
কথা বোৰ মনতে থলো সাঁচি,
দিব লগা মৰম বোৰ
কিমান যে
আৰুনো ৰাখিম সাঁচি?
জানো কেতিয়া ক'ব পৰা
শব্দ বিচাৰি পাম!
প্ৰেমৰ ভাষা
জানো যে কেনেকে ক′ম যাঁচি?

যোৱা ৰাতি আকৌ যে
কথা বোৰ মনতে থলো সাঁচি,
দিব লগা মৰম বোৰ
কিমান যে আৰুনো ৰাখিম সাঁচি?

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Beliebte Songtexte
von Papon

Quiz
Wer will in seinem Song aufgeweckt werden?

Fans

»Juwa Rati Ako« gefällt bisher niemandem.