Songtexte.com Drucklogo

Tumi Jodi Kuwa Songtext
von Zubeen Garg

Tumi Jodi Kuwa Songtext

শ্ৰব্য কেছেট: আশা (১৯৯৫)
কণ্ঠশিল্পী: জুবিন গাৰ্গ আৰু সবিতা শৰ্মা

তুমি যদি কোৱা এটি বাৰ
আহা বুলি কাষলে মোৰ
থাকা বুলি
তুমি যদি কোৱা এটি বাৰ
আহা বুলি কাষলে মোৰ
থাকা বুলি বুকু ভৰি
নকলোৱে যেনিবা একো
তুমি জানা
তুমি বুজা
মোৰ ভাষা
মোৰ আশা
তুমি যদি কোৱা এটি বাৰ


দুহাতে ফাকু গুৰি
সানিবা তুমি আহি
তেজৰ দৰে সঁচা
ধুনীয়া সপোন সিঁচি
কজলা ৰাতি আহি
গোপনে জোকালেহি
তোমাৰ পৰশ দেখোঁ
সকলোতে আছে শুই
মই এন্ধাৰত আছিলোঁহি ৰৈ
তুমি আহি দিলা জ্যোতি
তুমি যদি কোৱা এটি বাৰ
নকলোৱে যেনিবা একো

দূৰণিত থাকি তুমি
নহ′বা চকুপানী
ফুলৰ দৰে কোমল
হিয়া মোৰ অভিমানী
সুৰেৰে জানিবা মোক
সেমেকা মন পদূলি
হেঁপাহৰে চাকি
আৰু কত জোনাকী
দিলোঁ তোমাক মন জোনাকী
আলফুলে ৰাখিবা সাঁচি


তুমি যদি কোৱা এটি বাৰ
আহা বুলি কাষলে মোৰ
থাকা বুলি বুকু ভৰি
নকলোৱে যেনিবা একো
তুমি জানা
তুমি বুজা
মোৰ ভাষা
মোৰ আশা
তুমি যদি কোৱা এটি বাৰ
নকলোৱে যেনিবা একো

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Welcher Song kommt von Passenger?

Fans

»Tumi Jodi Kuwa« gefällt bisher niemandem.