Songtexte.com Drucklogo

Bukute Gupute Songtext
von Zubeen Garg

Bukute Gupute Songtext

বুকুতে গুপুতে অকলে এৰি থৈ
কতেনো থাকাগৈ তুমি
হিয়াৰে কোনতে অশ্ৰু বাগৰে
এতিয়া নীৰৱ হৈ তুমি
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক এতিয়া এন্ধাৰকে ল′লা সাৱটি
চকু মেলা সাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
চকু মেলা সাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোক লোৱা
চেঁচা চেঁচা আঙুলি এয়াটো নহয় তুমি
গধূলি গোলাপ মোৰ শুই থকা জননী
চেঁচা চেঁচা আঙুলি এয়াটো নহয় তুমি
গধূলি গোলাপ মোৰ শুই থকা জননী
নতুন ফাগুন মোৰ হেৰুৱা সপোন মোৰ
তোমাৰেই পাৰিজাত তোমাকে সামৰি
তোমাৰেই পাৰিজাত তোমাকে সামৰি
বুকুতে গুপুতে অকলে এৰি থৈ
কতেনো থাকাগৈ তুমি
হিয়াৰে কোনতে অশ্ৰু বাগৰে


এতিয়া নীৰৱ হৈ তুমি
আজিও শিশু মই গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
আজিও শিশু মই গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
চকু মুদি তুমি চকু নেমেলিলা
নেচালা মোলে নিদিলা সঁহাৰি
নেচালা মোলে নিদিলা সঁহাৰি
বুকুতে গুপুতে অকলে এৰি থৈ
কতেনো থাকাগৈ তুমি
হিয়াৰে কোনতে অশ্ৰু বাগৰে
এতিয়া নীৰৱ হৈ তুমি
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক এতিয়া এন্ধাৰকে ল'লা সাৱটি
চকু মেলা সাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
চকু মেলা সাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
উঠা জাগা সাৰ পোৱা
আকৌ এবাৰ মাত দিয়া মোক চোৱা
চকু মেলা হাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Fans

»Bukute Gupute« gefällt bisher niemandem.