Songtexte.com Drucklogo

Sip Sip Boroxunot Songtext
von Zubeen Garg

Sip Sip Boroxunot Songtext

চিপ্ চিপ্ বৰষুণত তিতাৰে পৰা
ঢিপ্ ঢিপ্ বুকুখনি কঁপিছে জানা
কিনো আবেগতে মিঠা সুবাসতে
মন আজি উতলা ব′হাগৰে বতৰা
ক'তে মৰো মৰো ক′তে নো গৈয়ে মৰো
বুকুখন কঁপিছে মিঠা আবেগতে


দীঘলতি মাখিয়তী জেতুলি পকা
তুমি বাৰু বুজিছানে মনৰে কথা
খিটিক খিটিক কৈ তাঁতৰে শাল পকোৱা সূতা
লগাইছা নে বুকুৰে উমেৰে গামোচা
মই অধীৰ আজি
তোমাকে বিচাৰি
বুকুৰে আমঠু তুমি জানি ল'বা
দুয়োখনি হাতত জেতুকা পাতৰে
ৰঙা ৰঙা মৰম কেতিয়া সানিবা

মন পিছলি দেহা পিছলি পৰিব দিয়া
বান্ধিলে নো কি পাবা মৰমী
জীৱন দুদিনীয়া
চাৰি চকুৰে মিলন আমাৰে
দেহা কঁপি যোৱা
মনত পৰিলেই দুগালতে ঘাম বিৰিঙি উঠা
বৰষুণৰ নিশা দদাই খুড়ী বুলি
তোমালোকৰ চোতালত হুঁচৰি জুৰা
পিৰালিতে বহি থকা তুমি আহি
বৰষুণত তিতি তিতি বিহু নচা

চিপ চিপ বৰষুণে পেলালে মনত
মুখখনি তোমাৰে মুখখনি তোমাৰে

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Wer singt über den „Highway to Hell“?

Fans

»Sip Sip Boroxunot« gefällt bisher niemandem.