Songtexte.com Drucklogo

Nidiya Nidiya Songtext
von Zubeen Garg

Nidiya Nidiya Songtext

নিদিয়া নিদিয়া নিদিয়া
কিয়নো নিদিয়া তুমি
বুকুৰে মাজতে দুখন কলিজা
কিয়নো নিদিয়া তুমি
ডিঙিলৈকে দুখ, সুখ কেতিয়া
ক′ব নোখোজা তুমি
আঁজুৰি নিয়া, মোহাৰি দিয়া
হাঁহিব নোৱাৰো তাকো চুৰ কৰি নিয়া
নিদিয়া নিদিয়া নিদিয়া
হাঁহিব নিদিয়া নিদিয়া...।।


তুমি দিয়া কিনো দিয়া
দুখকে ঢালি দিয়া
তুমি নিয়া, মাথোঁ নিয়া
সুখকে কাঢ়ি নিয়া
ক'লা ক′লা তোমাৰে হিয়া
গৰল উগাৰি আমাকে দিয়া
কিয় বলিয়া এই দুনিয়া
পাবলে' তোমাক খন্তেকীয়া...।
দুহাততে একাঁ বেঁকা ৰেখা আঁকি দিয়া
কপালেৰে দিঘলীয়া ৰেখা মচি নিয়া
মন গ'লে কৰি দিয়া কাৰোবাক ৰুগীয়া
যুঁজিলে তোমাৰ স′তে প্রানে মাৰি নিয়া
আঁতৰি দুৰতে থাকিব দিয়া
নাহিবা কাষলে′ তুমি
ক'লা ক′লা তোমাৰ হিয়া
খেলাৰ পুতলা আমি...।।

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Fans

»Nidiya Nidiya« gefällt bisher niemandem.