Songtexte.com Drucklogo

Masor Bhale Paw Songtext
von Zubeen Garg

Masor Bhale Paw Songtext

ঐ, মাছৰে ভালে পাওঁ মোৱা-খলিহনা
শাকৰে ভালে পাওঁ পালেং-লফা
ছোৱালীৰ ভালে পাওঁ মিঠা বৰণ, ঐ
কঁকাল লাহি-পাহি, কুন্দত কটা

তোকে দেখা পাই বাঢ়িছে, জান ঐ
বাঢ়িছে, জান ঐ
মনৰে ভিতৰৰ নৈ-নিজৰা

মাছৰে ভালে পাওঁ মোৱা-খলিহনা
শাকৰে ভালে পাওঁ পালেং-লফা

ঘৰ-ভাড়াঘৰ বিচৰা নাই
তোৰ বুকুতে জাননে, হায়?
ঘৰ-ভাড়াঘৰ বিচৰা নাই
তোৰ বুকুতে জাননে, হায়?

বছৰ-দুবছৰ কটাই আনলে′
বাকচ বান্ধিবলে' মোৰ সময় নাই


মাছৰে ভালে পাওঁ মোৱা-খলিহনা
শাকৰে ভালে পাওঁ পালেং-লফা

ভৰসা কৰিব পৰা এজন
কটাব পাৰি যাৰ স′তে জীৱন
ভৰসা কৰিব পৰা এজন
কটাব পাৰি যাৰ স'তে জীৱন

সদায়েতো লগ নাপাবি, জান ঐ
সময় থাকোঁতেই তই মোক বাছি ল

মাছৰে ভালে পাওঁ মোৱা-খলিহনা
শাকৰে ভালে পাওঁ পালেং-লফা
ছোৱালীৰ ভালে পাওঁ মিঠা বৰণ, ঐ
কঁকাল লাহি-পাহি, কুন্দত কটা

তোকে দেখা পাই বাঢ়িছে, জান ঐ
বাঢ়িছে, জান ঐ
মনৰে ভিতৰৰ নৈ-নিজৰা

মাছৰে ভালে পাওঁ মোৱা-খলিহনা
শাকৰে ভালে পাওঁ পালেং-লফা

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Wer besingt den „Summer of '69“?

Fans

»Masor Bhale Paw« gefällt bisher niemandem.