Songtexte.com Drucklogo

Jolila Purila Songtext
von Zubeen Garg

Jolila Purila Songtext

শ্ৰব্য কেছেট: আশা(১৯৯৫)
কণ্ঠশিল্পী: জুবিন গাৰ্গ

ভাবিছিলোঁ জীৱনৰ শুকান বলুকাত
তুমিয়েই সিঁচিবা মৰমৰ কঠিয়া
তুমি ল′লা মাথোঁ এই বুকুৰ দুখ
জ্বলিলা পুৰিলা নিঃশেষ হ'লা
মোৰ প্ৰেমৰ লেলিহান শিখাত


প্ৰেমৰ সাগৰত বাৰে বাৰে কিয়
আহে যে এন্ধাৰৰ জোৱাৰ
ঠুনুকা হৃদয়ক ডুবালা যেতিয়া
মানি ল′ম সপোনৰ অৱসান
তুমি পালা কিনো
মোৰ জীৱনৰ
শিলৰ হৃদয়েৰে
ৰঙাব নোৱাৰো
কলিজা কলিজা
জ্বলিলা পুৰিলা নিঃশেষ হ'লা
মোৰ প্ৰেমৰ লেলিহান শিখাত

অকলে অকলে আহিলোঁ পৃথিৱীত
দুখৰ বাতৰি বিলাই
জীৱনৰ বাটত নেভাঙো আৰু মই
জোনাকে ভৰা দিঠকক
যেতিয়া সাজিলোঁ
সমাধি মোৰ
নিজৰ দুহাতেৰে
কলিজাৰ উমেৰে
নজগাব আৰু মোক
জ্বলিলা পুৰিলা নিঃশেষ হ'লা
মোৰ প্ৰেমৰ লেলিহান শিখাত

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Wer singt über den „Highway to Hell“?

Fans

»Jolila Purila« gefällt bisher niemandem.