Songtexte.com Drucklogo

Anuradha Songtext
von Zubeen Garg

Anuradha Songtext

যুগে যুগে
প্ৰতি খোজে
তোমাতেই মই হ′ম বিলীন
এন্ধাৰৰে চুকে চুকে
আছো মই তোমাতেই লীন
অনুৰাধা অনুৰাধা
অনুৰাধা অনুৰাধা
সময়ৰে খাজে খাজে
বৈ আহে ৰাতি দিন
হৃদয়ৰে সীমনাতে
অশ্ৰু নিগৰা বীণ
অনুৰাধা অনুৰাধা
অনুৰাধা অনুৰাধা


চকুয়েদি বৈ আহে
নিদ্ৰাহিন কবিতা
এন্ধাৰতো জ্বলি মৰে
নজলোৱা শলিতা
সপোনৰো শেষ আছে
শেষ নহয় হতাশা
জ্বলি জ্বলি জ্বলে মাথো
হেৰুৱালো ওঠৰ ভাষা
অনুৰাধা অনুৰাধা অনুৰাধা অনুৰাধা

চকুৰে নৈ বৈ বৈ
বৈ আহে নিৰৱতা
সুখে দুখে জীৱনে
দি যায় নীৰ ব্যাকুলতা
জীৱনৰো শেষ আছে
শেষ নহয় জিজ্ঞাসা
মৃত্যুয়ে চুমা যাচে
চুমাতেই যেন প্ৰত্যক্ষা
অনুৰাধা অনুৰাধা
অনুৰাধা অনুৰাধা


কবিতাৰে কাহিনী
শেষ হ'ও হ′ও অনুৰাধা
কবিতাৰে কাহিনী
শেষ নহয় অনুৰাধা
কবিতাৰো শেষ আছে
শেষ নহয় স্তব্ধতা
শব্দবোৰ লেখি লেখি
চুব খোজে মৌনতা
অনুৰাধা অনুৰাধা
অনুৰাধা অনুৰাধা
অনুৰাধা অনুৰাধা

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Wer ist gemeint mit „The King of Pop“?

Fans

»Anuradha« gefällt bisher niemandem.